Assamese Abridged Explanation of the Quran
34:12 - 34:12

বতাহক আমি দাঊদৰ পুত্ৰ ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ। পুৱাৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল আৰু সন্ধিয়াৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে তামৰ সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰে। তথা এনেকুৱা কিছুমান জিনক আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিসকলে নিজ প্ৰতিপালকৰ আদেশত তেওঁৰ সন্মুখত কাম কৰিছিল। জিনসকলৰ মাজৰ যিয়েই আমাৰ আদেশৰ পৰা বিমুখ হ’ব, আমি তাক জ্বলন্ত অগ্নিৰ শাস্তি উপভোগ কৰাম।