Assamese Abridged Explanation of the Quran
34:13 - 34:13

এই জিনসকলে ছুলাইমানে বিচৰা সকলো বস্তু নিৰ্মাণ কৰিছিল। যেনে- চালাতৰ বাবে মছজিদ নিৰ্মাণ, অট্টালিকা, তথা তেওঁ বিচৰা দৃশ্যৰ ছবি, জলাশয় সদৃশ বৃহদাকাৰৰ পানী থোৱাৰ পাত্ৰ, লগতে সুদৃঢ়ভাৱে স্থাপিত সহজে লৰাব নোৱাৰা ৰন্ধন-পাত্ৰ নিৰ্মাণ কৰিছিল। আমি তেওঁলোকক কৈছিলোঁ, হে দাঊদ-পৰিয়াল! আল্লাহে তোমালোকৰ ওপৰত যিবোৰ উপকাৰ কৰিছে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। কাৰণ মোৰ উপকাৰৰ বহুত কম সংখ্যক লোকেই কৃতজ্ঞতা প্ৰকাশ কৰে।