Assamese Abridged Explanation of the Quran
34:15 - 34:15

ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁতক নিৰ্দেশ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পোৱা জীৱিকা ভক্ষণ কৰা, আৰু ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা। এইখন এখন পৱিত্ৰ নগৰ, আৰু শুনা! আল্লাহ হৈছে তোমালোকৰ প্ৰতিপালক। তেওঁ অতি ক্ষমাশীল: যিয়েই তাওবা কৰি তেওঁৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে।