Assamese Abridged Explanation of the Quran
34:24 - 34:24

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধকঃ কোৱাচোন তোমালোকে, আকাশৰ পৰা পানী বৰ্ষণ কৰি আৰু পৃথিৱীৰ পৰা খাদ্যদ্ৰৱ্য তথা ফল-মূল আদি উৎপন্নক কৰি কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? আপুনি কৈ দিয়ক, আল্লাহেই তোমালোকক এইবোৰৰ দ্বাৰা জীৱিকা প্ৰদান কৰে। হে মুশ্বৰিকসকল! আমাৰ আৰু তোমালোকৰ এই দল দুটাৰ মাজৰ যিকোনো এটা দল নিশ্চয় হিদায়তৰ ওপৰত আছে আৰু আনটো স্পষ্ট বিভ্ৰান্তিত আছে। ইয়াত কোনো সন্দেহ নাই যে, মুমিনসকলেই হৈছে হিদায়তপ্ৰাপ্ত আৰু মুশ্বৰিকসকল হৈছে পথভ্ৰষ্ট।