Assamese Abridged Explanation of the Quran
34:28 - 34:28

হে ৰাছুল! আমি আপোনাক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছোঁ। যাতে আপুনি মুত্তাক্বীসকলক জান্নাতৰ সুসংবাদ দিয়ে। আনহাতে কাফিৰ আৰু পাপিষ্ঠসকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁতেন।