Assamese Abridged Explanation of the Quran
34:43 - 34:43

যেতিয়া এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ সন্মুখত আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, যিবোৰৰ মাজত কোনো ধৰণৰ সন্দেহ নাই, তেতিয়া সিহঁতে কয়ঃ এই মানুহজনে যি লৈ আহিছে, এওঁ দৰাচলতে তোমালোকক তোমালোকৰ আজোককাসকলৰ ধৰ্মৰ পৰা আঁতৰাব বিচাৰে। সিহঁতে এই কথাও কয় যে, এই কোৰআনখন হৈছে মিছা, ইয়াক সি নিজেই ৰচনা কৰি আল্লাহৰ গ্ৰন্থ বুলি প্ৰচাৰ কৰি আছে। আনহাতে নাস্তিকসকলৰ ওচৰত যেতিয়া এই কোৰআন আহি পালে তেতিয়া সিহঁতে ক'লেঃ এইখন হৈছে স্পষ্ট যাদু, যিয়ে স্বামী-স্ত্ৰীৰ মাজত আৰু পিতা-পুত্ৰৰ মাজত বিচ্ছেদ ঘটায়।