Assamese Abridged Explanation of the Quran
34:45 - 34:45

পূৰ্বৱৰ্তী উম্মতবোৰেও অস্বীকাৰ কৰিছিল, উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰদায়। আপোনাৰ সম্প্ৰদায়ৰ মুশ্বৰিকসকলে শক্তি-সামৰ্থ, ধন-সম্পদ আৰু জনবলৰ তুলনাত পূৰ্বৱৰ্তী উম্মতৰ দহ ভাগৰ এভাগতো উপনীত হ'ব পৰা নাই। সিহঁতেও নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু সিহঁতৰ ধন-সম্পদ, শক্তি-সামৰ্থ আৰু জনবলে একো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত মোৰ শাস্তিয়ে সিহঁতক ধ্বংস কৰিছিল। এতেকে হে ৰাছুল! ভাৱি চাওক আপুনি, মোৰ শাস্তি আৰু মোৰ প্ৰতিক্ৰিয়া সিহঁতৰ ওপৰত কেনেকুৱা আছিল!