Assamese Abridged Explanation of the Quran
34:47 - 34:47

হে ৰাছুল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকৰ ওচৰলৈ যি হিদায়ত তথা কল্যাণ লৈ আহিছোঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক অথবা কোনো প্ৰতিদান বিচৰা নাই। যদি মই কিবা বিচাৰিছোঁ সেয়া তোমালোকৰ বাবেই। মোক প্ৰতিদান দিয়াৰ দায়িত্ব একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সকলো বস্তুৰ সাক্ষী। তেওঁ সাক্ষ্য প্ৰদান কৰিব যে, মই নিশ্চয় তোমালোকক সঠিকৰূপে বাৰ্তা পৌঁচাই দিছোঁ। আনকি তোমালোকৰ কৰ্মৰো তেৱেঁই সাক্ষী। তেৱেঁই তোমালোকক প্ৰতিদান দিব।