সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। তেৱেঁই ফিৰিস্তাসকলক বাৰ্তাবাহক বনাইছে, তেওঁলোকেই ভাগ্য সম্পৰ্কীয় তেওঁৰ নিৰ্দেশনা জাৰি কৰে। তথা ফিৰিস্তাসকলৰ মাজতেই আছে এনেকুৱা বাৰ্তাবাহক যিয়ে নবীসকলক অহী পৌঁচাই দিয়াৰ কৰ্মত নিয়োজিত। আল্লাহেই তেওঁলোকক সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ শক্তি প্ৰদান কৰিছে। তেওঁলোকৰ মাজৰ কিছুমানৰ আছে দুখন পাখি আৰু কিছুমানৰ আছে তিনিখন আৰু কিছুমানৰ আছে চাৰিখন পাখি। তেওঁলোকে সেইবোৰৰ সহায়ত আল্লাহৰ আদেশ জাৰি কৰিবলৈ উৰি ফুৰে। আল্লাহে তেওঁৰ ইচ্ছানুসাৰে তেওঁৰ কিছুমান সৃষ্টিক অংগ, সৌন্দৰ্য আৰু মনোমোহা সুৰৰ আকৰ্ষণ অধিক প্ৰদান কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে।