Assamese Abridged Explanation of the Quran
35:3 - 35:3

হে মানৱজাতি! তোমালোকে আল্লাহৰ সেই নিয়ামতবোৰ স্মৰণ কৰা, যিবোৰ তোমালোকৰ হৃদয়, জিভা আৰু বিভিন্ন অংগ-প্ৰত্যংগৰ দ্বাৰা প্ৰকাশ পায়। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সৃষ্টিকৰ্তা আছে নেকি, যিয়ে তোমালোকক আকাশৰ পৰা পানী বৰ্ষণ কৰি তথা মাটিৰ পৰা ফলমূল আৰু শস্যাদি উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? জানি থোৱা! তেওঁৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। ইয়াৰ পিছতো কিয় তোমালোকে এই সত্যৰ পৰা আঁতৰি যোৱা? তথা কিয় আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰা আৰু তেওঁৰ বিষয়ে ধাৰণা পোষণ কৰা যে, তেওঁৰ অংশীদাৰ আছে? অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক জীৱিকা প্ৰদান কৰে।