Assamese Abridged Explanation of the Quran
35:8 - 35:8

চয়তানে যাৰ পাপ কৰ্মক শোভনীয় কৰি উপস্থাপন কৰিছে আৰু সেই ব্যক্তিয়ে সেইটোক ভাল বুলি ধাৰণা কৰে। এনেকুৱা ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ'ব নোৱাৰে, যাৰ বাবে সত্যক আল্লাহে শোভনীয় কৰি দিছে আৰু তেওঁ সেইটোক ভাল বুলি ভাৱে। দৰাচলতে আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰি দিয়ে। তেওঁক বাধ্য কৰিব পৰা কোনো নাই। এতেকে হে ৰাছুল! আপুনি এই পথভ্ৰষ্টসকলৰ পথভ্ৰষ্টতাত চিন্তিত হৈ নিজকে বিনাশ নকৰিব। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।