Assamese Abridged Explanation of the Quran
35:11 - 35:11

আল্লাহেই তোমালোকৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক নাৰী আৰু পুৰুষৰূপে সৃষ্টি কৰিছে, যাতে পৰস্পৰক বিবাহ কৰিব পাৰা। যেতিয়াই কোনো নাৰীয়ে গৰ্ভ ধাৰণ কৰে, অথবা প্ৰসৱ কৰে বিষয়টো তেওঁ অৱগত থাকে। কোনো এটা বিষয়েই তেওঁৰ পৰা গোপন নহয়। তেওঁৰ সৃষ্টিৰ মাজৰ কাৰো আয়ু বৃদ্ধি হওক অথবা হ্ৰাস, সেইটো লিখা আছে লওহে মাহফুজত। এতেকে উক্ত বিষয়বোৰ অৰ্থাৎ প্ৰথমে মাটিৰে তোমালোকক সৃষ্টি কৰা আৰু তাৰ পিছত পৰ্যায়ক্ৰমে সৃষ্টি কৰা, লগতে লওহে মাহফুজত তোমালোকৰ আয়ু লিপিবদ্ধ থকা আদি বিষয়বোৰ আল্লাহৰ বাবে অতি সহজ।