Assamese Abridged Explanation of the Quran
35:12 - 35:12

দুয়োখন সাগৰ সমান হ’ব নোৱাৰে। কাৰণ এখনৰ পানী হৈছে মিঠা, তথা মিঠা হোৱাৰ কাৰণে সেইখনৰ পানী খোৱাটো সহজ। আনহাতে দ্বিতীয়খনৰ পানী হৈছে নিমখীয়া তথা তিতা। ইমান নিমখীয়া যে, সেই পানী খোৱাটোও সম্ভৱ নহয়। উক্ত দুয়োখন সাগৰৰ পৰা তোমালোকে তাজা মাংস অৰ্থাৎ মাছ ভক্ষণ কৰিব পাৰা, লগতে মোতি, মুকুতা আদিও উলিওৱাব পাৰা, যিবোৰ তোমালোকে সৌন্দৰ্য বৃদ্ধি কৰিবলৈ পৰিধান কৰা। হে দৰ্শক! নিশ্চয় তোমালোকে দেখা পোৱা যে, জাহাজবোৰে সাগৰৰ বুকু ফালি অহা যোৱা কৰে, যাতে তোমালোকে ইয়াৰ জৰিয়তে দেশ-বিদেশলৈ ব্যৱসায়-বাণিজ্য কৰিব পাৰা তথা আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। যাতে তোমালোকে তোমালোকৰ ওপৰত কৰা আল্লাহৰ অসংখ্য নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা।