Assamese Abridged Explanation of the Quran
35:14 - 35:14

তোমালোকে যদি তোমালোকৰ উপাস্যবোৰৰ ওচৰত প্ৰাৰ্থনা কৰা, তথাপিও সিহঁতে তোমালোকৰ প্ৰাৰ্থনা শুনা নাপাব। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু, সেইবোৰৰ মাজত প্ৰাণ নাই তথা সিহঁতৰ শ্ৰৱণশক্তিও নাই। আলোচনাৰ খাতিৰত যদি ধৰি লওঁ যে, সেইবোৰে তোমালোকৰ প্ৰাৰ্থনা শুনা পায়, তথাপিও সেইবোৰে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি জনাব নোৱাৰিব। কিয়ামতৰ দিনা সেইবোৰে তোমালোকৰ উপাসনা আৰু শ্বিৰ্কৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। এতেকে হে ৰাছুল! আল্লাহতকৈ অধিক সত্য সংবাদ আপোনাক আন কোনেও দিব নোৱাৰিব।