Assamese Abridged Explanation of the Quran
35:15 - 35:15

হে মানৱজাতি! তোমালোক সকলো ক্ষেত্ৰতে আৰু সকলো পৰিস্থিতিতেই আল্লাহৰ মুখাপেক্ষী। কিন্তু আল্লাহ হৈছে অমুখাপেক্ষী। কোনো ক্ষেত্ৰতেই তেওঁ তোমালোকক প্ৰয়োজনবোধ নকৰে। তেওঁ বান্দাসকলৰ বিষয়ে যি সিদ্ধান্তই নলওক কিয়, সেই ক্ষেত্ৰতেই পৃথিৱী আৰু আখিৰাতত তেওঁ প্ৰশংসাৰ পাত্ৰ।