কোনো প্ৰাণীয়েই আন কোনো প্ৰাণীৰ পাপকৰ্মৰ বোজা বহন নকৰিব। বৰং প্ৰত্যেকেই নিজৰ নিজৰ গুনাহৰ বোজা নিজেই বহন কৰিব লাগিব। যদি কোনো প্ৰাণীয়ে পাপকৰ্মৰ বোজা বহন কৰিব নোৱাৰি অন্য কোনো প্ৰাণীক সহায় কৰিবলৈ আহ্বান কৰে, তথাপিও কোনো প্ৰাণীয়ে তাৰ বোজা বহন কৰিবলৈ প্ৰস্তুত নহ'ব। যদিও সি কোনো নিকট আত্মীয় নহওক কিয়। হে ৰাছুল! আপুনি কেৱল সেইসকল লোকক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব পাৰে যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে, তথা পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। কাৰণ এওঁলোকেই হৈছে সেইসকল লোক, যিসকলে আপুনি পৌঁচাই দিয়া সতৰ্ক বাণীৰ দ্বাৰা উপকৃত হয়। এতেকে যিয়ে গুনাহৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব – (জানি থোৱা উচিত যে, আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্ক) - এই পৱিত্ৰতা সি নিজৰ বাবেই অৱলম্বন কৰিব। কিয়নো ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। কাৰণ তাৰ আনুগত্যৰ পৰা আল্লাহ অমুখাপেক্ষী। লগতে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আল্লাহৰ ওচৰতেই উভতি যাব লাগিব।