Assamese Abridged Explanation of the Quran
35:29 - 35:29

যিসকল লোকে আল্লাহৰ গ্ৰন্থ তিলাৱত কৰে, যিখন আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু তাত থকা বিধান মতে তেওঁলোকে আমল কৰে, লগতে পৰিপূৰ্ণৰূপে আৰু উত্তমভাৱে চালাত আদায় কৰে, তথা আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ, তাৰ পৰা তেওঁলোকে যাকাত প্ৰদান কৰে। লগতে প্ৰকাশ্য আৰু গোপনেও দান খয়ৰাত কৰে। তেওঁলোকে দৰাচলতে এইবোৰ আমলৰ জৰিয়তে আল্লাহৰ সৈতে এনেকুৱা ব্যৱসায় কৰে, যি ব্যৱসায়ত ক্ষতি হোৱাৰ কোনো আশংকা নাই।