Assamese Abridged Explanation of the Quran
35:31 - 35:31

হে ৰাছুল! আমি আপোনাৰ প্ৰতি যি গ্ৰন্থ অৱতীৰ্ণ কৰিছোঁ, সেইখনেই হৈছে সত্য। য’ত সন্দেহৰ কোনো অৱকাশ নাই। আল্লাহে এইখনক পূৰ্বৱৰ্তী গ্ৰন্থবোৰৰ সমৰ্থনৰ বাবে অৱতীৰ্ণ কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱগত তথা সৰ্বদ্ৰষ্টা। গতিকে তেৱেঁই প্ৰত্যেক উম্মতৰ ৰাছুলৰ প্ৰতি সেই উম্মতৰ আৱশ্যকতা অনুযায়ী অহী প্ৰেৰণ কৰিছিল।