Assamese Abridged Explanation of the Quran
38:44 - 38:44

আয়্যুব আলাইহিচ্ছালামে যেতিয়া নিজ পত্নীৰ ওপৰত অসন্তুষ্ট হ'ল, আৰু তাইক এশ বেত্ৰাঘাত কৰাৰ শপত গ্ৰহণ কৰিলে, তেতিয়া আমি তেওঁক ক'লোঃ হে আয়্যুব! আপুনি আপোনাৰ শপত পূৰণ কৰিবলৈ এমুঠি কোমল আৰু পাতল ডাল-পাত লওক, আৰু সেইটোৰে তাইক বেত্ৰাঘাত কৰক। কিন্তু তথাপিও আপুনি আপোনাৰ শপত ভংগ নকৰিব। এতেকে তেওঁ কোমল আৰু পাতল এমুঠি ঠাল-ঠেঙুলি লৈ তাইক বেত্ৰাঘাত কৰিলে। আমি তেওঁক যি যি পৰীক্ষাত পতিত কৰিছোঁ, সেই পৰীক্ষাতেই তেওঁক ধৈৰ্যশীল পাইছোঁ। তেওঁ আছিল অতি উত্তম বান্দা। নিশ্চয় তেওঁ আল্লাহৰ প্ৰতি অধিক প্ৰত্যাৱৰ্তনকাৰী আৰু তাওবাকাৰী আছিল।