Assamese Abridged Explanation of the Quran
39:71 - 39:71

ফিৰিস্তাসকলে আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলক লাঞ্ছিত অপমানিত গোটত বিভিক্ত কৰি জাহান্নামৰ পিনে খেদি লৈ যাব। অৱশেষত যেতিয়া জাহান্নামৰ দুৱাৰডলিত গৈ সিহঁত উপস্থিত হ’ব তেতিয়া তাত নিয়োজিত ৰক্ষক ফিৰিস্তাই জাহান্নামৰ দুৱাৰ খুলি দিব আৰু সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই কোনো ৰাছুল প্ৰেৰিত হোৱা নাছিল নেকি, যিয়ে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ আয়াতসমূহ তিলাৱত কৰি শুনাইছিল, আৰু কিয়ামত দিৱসৰ সাক্ষাৎ আৰু ইয়াৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰিছিল”? তেতিয়া কাফিৰসকলে এই কথা স্বীকাৰ কৰিব ক’বঃ হয়, নিশ্চয় আহিছিল, আৰু তেওঁলোকে এই যাৱতীয় দায়িত্ববোৰও পালন কৰিছিল। কিন্তু যিহেতু কাফিৰসকলৰ বিষয়ে শাস্তিৰ সিদ্ধান্ত চূড়ান্ত হৈছে, গতিকে আমিও কাফিৰ আছিলোঁ।