কাফিৰসকলে সেইসময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিব যেতিয়া সিহঁতৰ স্বীকাৰোক্তি আৰু তাওবা একোৱে কামত নাহিব। সিহঁতে ক’বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা, প্ৰথমবাৰ যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল, তুমিয়েই আমাক অস্তিত্ব প্ৰদান কৰিছা। আৰু দ্বিতীয় মৃত্যু, সেই অস্তিত্বৰ পিছত তুমি আমাক মৃত্যু প্ৰদান কৰিছা। তথা দুবাৰকৈ আমাক জীৱনো দান কৰিছা। যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল তেতিয়া তুমিয়ে আমাক জীৱন দান কৰিছা, আৰু দ্বিতীয়বাৰ আমাক জীৱন দান কৰিছা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰি। গতিকে আমি এতিয়া আমাৰ অপৰাধবোৰ স্বীকাৰ কৰিছোঁ। এতেকে জাহান্নামৰ পৰা উলিওৱাৰ কোনো উপায় আছেনে? যাতে আমি পাৰ্থিৱ জীৱনলৈ উভতি গৈ আমাৰ আমলসমূহ সংশোধন কৰিব পাৰোঁ, যাতে তুমি সন্তুষ্ট হোৱা!