Assamese Abridged Explanation of the Quran
40:18 - 40:18

হে ৰাছুল! আপুনি ইহঁতক কিয়ামত দিৱস সম্পৰ্কে সতৰ্ক কৰক। নিশ্চয় কিয়ামত নিকটৱৰ্তী, তথা অৱশ্যম্ভাৱী। জানি থোৱা উচিত যে, প্ৰত্যেক আহিবলগীয়া বিষয়েই হৈছে নিকটৱৰ্তী। সেইদিনাৰ পৰিৱেশ ইমান ভয়াৱহ হ’ব যে, কষ্টত মানুহৰ প্ৰাণ কণ্ঠগত হ’ব। সকলোৱে মৌন হৈ থাকিব। কেৱল সেই ব্যক্তিয়ে কথা কোৱাৰ সাহস কৰিব, যাক ৰহমানে কথা কোৱাৰ অনুমতি প্ৰদান কৰিব। যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতৰ কোনো বন্ধুও নাথাকিব আৰু কোনো নিকটৱৰ্তী লোকো নাথাকিব। তথা এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব, যাৰ মধ্যস্ততা গ্ৰহণ কৰা হ’ব।