তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যিদৰে আমি নূহ আলাইহিচ্ছালামক ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ আদেশ কৰিছিলোঁ, আৰু হে ৰাছুল আপোনাৰ প্ৰতিও আমি সেই অহীকেই প্ৰেৰণ কৰিছোঁ। আমি তোমালোকৰ বাবে সেইদৰেই চৰীয়ত বিধিবদ্ধ কৰিছোঁ, যিটো প্ৰচাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ নিৰ্দেশ আমি ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামক প্ৰদান কৰিছিলোঁ। যাৰ সাৰাংশ হৈছে, “তোমালোকে দ্বীন প্ৰতিষ্ঠিত কৰা, ইয়াৰ মাজত মতভেদ কৰাৰ পৰা বিৰত থকা”। (হে ৰাছুল!) অন্যান্য উপাস্যৰ উপাসনা পৰিত্যাগ কৰাৰ বিধান আৰু তাওহীদৰ পিনে কৰা আপোনাৰ এই আহ্বান, মুশ্বৰিকসকলৰ বাবে কঠিন অনুভৱ হৈ আছে। আল্লাহে তেওঁৰ যি বান্দাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তাক তেওঁৰ ইবাদত আৰু আনুগত্যৰ তাওফীক দিয়ে। লগতে যিয়ে গুনাহৰ পৰা তাওবা কৰি তেওঁৰ পিনে প্ৰত্যৱৰ্তন কৰে তাক তেওঁ হিদায়ত দিয়ে।