আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে যেতিয়া নিজৰ অন্তৰত অহমিকা পোষণ কৰিছিল- অজ্ঞতা যুগৰ অহমিকা- যি অহমিকাৰ সত্যৰ লগত কোনো সম্পৰ্ক নাই, বৰং ইয়াৰ সম্পৰ্ক আছে প্ৰবৃত্তিৰ চাহিদাৰ লগত। সেই অহংকাৰৰ কাৰণেই সিহঁতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক হুদাইবিয়াৰ বছৰত মক্কাত প্ৰৱেশ কৰিব দিয়া নাছিল, যাতে কোনোবাই সিহঁতক তিৰস্কাৰ কৰিব নোৱাৰে যে, মুহাম্মদ সিহঁতৰ ওপৰত প্ৰভাৱশালী। ইপিনে আল্লাহে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিছিল। তেওঁলোকে ক্ৰোধান্বিত হোৱাৰ পিছতো মুশ্বৰিকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাছিল। আল্লাহে মুমিনসকলৰ ওপৰত পৱিত্ৰ বাণী কলিমা লা ইলা-হা ইল্লাল্লাহ অনিবাৰ্য কৰিছে, যাতে তেওঁলোকে এই বাণীৰ উচিত প্ৰাপ্য আদায় কৰে। ফলত তেওঁলোকেও ইয়াক পৰিপূৰ্ণৰূপে কাৰ্যত পৰিণত কৰি দেখুৱাইছিল। আনহাতে মুমিনসকল অন্যান্য লোকৰ তুলনাত এই বাণীৰ অধিক যোগ্য। কাৰণ তেওঁলোকৰ অন্তৰত যি কল্যাণ নিহিত আছে, সেই সম্পৰ্কে আল্লাহ ভালদৰেই অৱগত। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁৰ পৰা একোৱেই গোপন নহয়।