হে মানৱজাতি! নিশ্চয় আমি তোমালোকক এজন পুৰুষ অৰ্থাৎ তোমালোকৰ পিতা আদম আলাইহিচ্ছালাম আৰু এজনী নাৰী অৰ্থাৎ তোমালোকৰ মাতৃ হাৱা আলাইহাচ্ছালামৰ পৰা সৃষ্টি কৰিছোঁ। এই হিচাপত তোমালোকৰ বংশ এটাই। গতিকে বংশক কেন্দ্ৰ কৰি তোমালোকে ইজনে সিজনৰ প্ৰতি অহংকাৰ নকৰিবা। ইয়াৰ পিছত আমি তোমালোকক বহুতো জাতি আৰু সিঁচৰিত গোত্ৰসমূহত পৰিণত কৰিছোঁ, যাতে তোমালোকে ইজনে সিজনক চিনি পোৱাত সহজ হয়। এইবোৰকলৈ অহংকাৰ কৰাৰ কোনো অৱকাশ নাই। কাৰণ উচ্চ স্থান কেৱল তাক্বৱাৰ জৰিয়তেহে লাভ হয়। সেইকাৰণেই আল্লাহে কৈছেঃ নিশ্চয় আল্লাহৰ দৃষ্টিত তোমালোকৰ মাজৰ সেই ব্যক্তি আটাইতকৈ বেছি মৰ্যাদাশীল, যিয়ে তেওঁক অধিক ভয় কৰে। নিঃসন্দেহে আল্লাহ তোমালোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। তোমালোকৰ সম্পূৰ্ণতা আৰু অপূৰ্ণতা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়।