Assamese Abridged Explanation of the Quran
53:23 - 53:23

এই মূৰ্ত্তিবোৰ দৰাচলতে অৰ্থহীন নামৰ বাহিৰে আন একো নহয়। এইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। এইবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে নিজৰ ফালৰ পৰা নামকৰণ কৰিছা, ইয়াৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। মুশ্বৰিকসকলে আক্বীদাৰ ক্ষেত্ৰত কেৱল অনুমান আৰু নিজৰ মনৰ চাহিদাৰহে অনুসৰণ কৰে, যিটোক চয়তানে সিহঁতৰ অন্তৰত শোভনীয় কৰি দিয়ে। অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমত সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিদায়ত আহি পৰিছে। তথাপিও সিহঁতে ইয়াক আঁকোৱালি লোৱা নাই।