Assamese Abridged Explanation of the Quran
53:26 - 53:26

আকাশমণ্ডলত অসংখ্য ফিৰিস্তা আছে, যদি তেওঁলোকে কাৰোবাৰ বিষয়ে মধ্যস্ততা কৰিব বিচাৰে তেন্তে তেওঁলোকৰ মধ্যস্ততা কোনো কামত নাহিব। কিন্তু তেওঁলোকৰ মাজৰ পৰা যাক আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি দিব তাৰ বিষয়টো সুকীয়া, আৰু যাৰ সপক্ষে মধ্যস্ততা কৰিব তাৰ ওপৰতো আল্লাহ সন্তুষ্ট হ’ব লাগিব। কিয়নো আল্লাহে কোনো মুশ্বৰিক ব্যক্তিৰ সপক্ষে কেতিয়াও মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। তথা তেওঁ এনেকুৱা কোনো ব্যক্তিৰ প্ৰতিও সন্তুষ্ট নহ’ব, যিয়ে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰিছিল।