Assamese Abridged Explanation of the Quran
53:32 - 53:32

যিসকলে অশ্লীল তথা মহাপাপসমূহৰ পৰা বিৰত থাকে, যদিও সৰু-সুৰা গুনাহ কেতিয়াবা হৈ যায়, কিন্তু আল্লাহে এইবোৰ ক্ষমা কৰি দিব, যিহেতু তেওঁলোকে মহাপাপসমূহৰ পৰা বিৰত আছিল আৰু বেছি বেছি সৎকৰ্ম কৰিছিল। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক ক্ষমা কৰাৰ ক্ষেত্ৰত অতি উদাৰ। বান্দাসকলে তাওবা কৰাৰ লগে লগে তেওঁ সিহঁতক ক্ষমা কৰি দিয়ে। তেওঁ তোমালোকৰ বিষয়ে সেইসময়ৰ পৰাই অৱগত, যেতিয়া তেওঁ তোমালোকৰ আদি পিতা আদমক মাটিৰ পৰা সৃষ্টি কৰিছিল, আৰু যেতিয়া তোমালোকে মাকৰ পেটত ভ্ৰুণৰূপে বিভিন্ন ধাপ অতিক্ৰম কৰি ভূমিষ্ঠ হৈছিলা। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। এতেকে তোমালোকে নিজেই নিজৰ ধৰ্মভীৰুতাৰ প্ৰশংসা নকৰিবা। কাৰণ পৱিত্ৰ আল্লাহ ভালদৰেই জানে তোমালোকৰ মাজৰ কোনে তেওঁৰ আদেশ পালন কৰি, তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছে।