Assamese Abridged Explanation of the Quran
55:33 - 55:33

আল্লাহে কিয়ামতৰ দিনা মানৱ আৰু জিন জাতিক সমৱেত কৰি কব: হে মানৱ আৰু জিনজাতি! তোমালোকে যদি আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো কোণৰ পৰা ওলাব পাৰা তেন্তে ওলাই যোৱা। কিন্তু তোমালোকে শক্তি আৰু প্রমাণ নোহোৱাকৈ কেতিয়াও এইটো কৰিব নোৱাৰিবা। আৰু এইটো তোমালোকে পাবা ক’ত?