Assamese Abridged Explanation of the Quran
57:8 - 57:8

আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে?! অথচ ৰাছুলে তোমালোকক এই আশাত আল্লাহৰ প্ৰতি আহ্বান কৰি আছে, যাতে তোমালোকে নিজ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰা। প্ৰকৃততে আল্লাহে তোমালোকৰ পৰা সেই সময়ত অঙ্গীকাৰ লৈছে, যেতিয়া তোমালোকক তোমালোকৰ পিতৃৰ পিঠিৰ পৰা উলিয়াই আনা হৈছিল, যে তোমালোকে যদি প্ৰকৃত মুমিন হোৱা তেন্তে তেওঁৰ ওপৰত ঈমান পোষণ কৰিবা।