Assamese Abridged Explanation of the Quran
57:27 - 57:27

ইয়াৰ পিছত আমি বিভিন্ন সম্প্ৰদায়ৰ প্ৰতি আমাৰ ৰাছুলসকলক ধাৰাবাহিকভাৱে প্রেৰণ কৰিছিলোঁ। ইয়াৰ পিছত আমি ঈছা ইবনু মাৰইয়ামক প্রেৰণ কৰিছিলোঁ আৰু তেওঁক ইঞ্জিল প্ৰদান কৰিছিলোঁ। যিসকলে তেওঁৰ ওপৰত ঈমান আনিছিল আৰু তেওঁৰ অনুগত হৈছিল তেওঁলোকৰ অন্তৰত আমি দয়া ঢালি দিছিলোঁ। ফলত তেওঁলোকে পৰস্পৰে পৰস্পৰক ভাল পাইছিল আৰু দয়াৰ বন্ধনত আৱদ্ধ আছিল। কিন্তু তেওঁলোকে দ্বীনৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰিছিল। ফলত তেওঁলোকে কিছুমান হালাল বিধান পৰিত্যাগ কৰিছিল, যেনে- বিবাহ আৰু ভোগ-সামগ্ৰী আদি। তেওঁলোকৰ পৰা এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। বৰং তেওঁলোকে নিজেই দ্বীনৰ মাজত নৱ উদ্ভাৱন কৰি ইয়াক নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছিল। প্ৰকৃততে আমি তেওঁলোকৰ পৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ কাম কৰাৰ দাবী কৰিছিলোঁ। কিন্তু তেওঁলোকে সেইটো কৰা নাছিল। সেয়ে তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দান কৰিছোঁ। কিন্তু তেওঁলোকৰ মাজৰ অধিকাংশ লোকেই মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা চৰীয়তক অস্বীকাৰ কৰি আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল।