Assamese Abridged Explanation of the Quran
59:8 - 59:8

আৰু এই ধনৰ কিছু অংশ সেইসকল নিৰ্ধন মুহাজিৰসকলৰ বাবে খৰচ কৰা হ'ব যিসকলক নিজৰ ঘৰ-বাৰী আৰু সন্তান, ধন-সম্পদ এৰিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোকে এই আশাত আছে যে, আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পৃথিৱীত জীৱিকা আৰু পৰকালত তেওঁৰ সন্তুষ্টি প্ৰদান কৰিব। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰি আল্লাহক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই প্ৰকৃততে পৰিপক্ক আৰু সত্য মুমিন।