Assamese Abridged Explanation of the Quran
59:11 - 59:11

হে ৰাছুল! আপুনি সিহঁতক দেখা নাই নে, যিহঁতে নিজৰ অন্তৰত কুফৰ গোপন কৰি ৰাখে আৰু ঈমান প্ৰকাশ কৰি ফুৰে। সিহঁতে বিকৃত তৌৰাতৰ অনুসাৰী ইহুদী কাফিৰসকলক কয়ঃ নিজৰ ঘৰত অটল থাকিবা, আমি তোমালোকক লাঞ্ছিত হ'বলৈ নিদিওঁ আৰু আমি তোমোলোকক অকলশৰীয়াও নকৰো। বৰং যদি মুছলিমসকলে তোমালোকক বহিষ্কাৰ কৰে তেন্তে আমিও তোমালোকৰ সৈতে ওলাই যাম। আমি তোমালোকৰ সৈতে ওলাই যোৱাৰ ক্ষেত্ৰত কাৰো কথা নুশুনিম। আৰু যদি মুছলিমসকলে তোমালোকৰ সৈতে যুদ্ধ কৰে তেন্তে আমি সিহঁতৰ বিৰুদ্ধে তোমালোকক সহায় কৰিম। অথচ আল্লাহে সাক্ষ্য প্ৰদান কৰে যে, মুনাফিকসকল নিজৰ এই দাবীত মিছলীয়া যে, যদি ইহুদীসকলক বহিষ্কাৰ কৰা হয় তেন্তে সিহঁতেও সিহঁতৰ লগত ওলাই যাব। আৰু যদি সিহঁতৰ লগত যুদ্ধ কৰা হয় তেন্তে সিহঁতে সিহঁতৰ সহায় কৰিব।