Assamese Abridged Explanation of the Quran
59:13 - 59:13

হে মুমিনসকল! নিশ্চয় মুনাফিক আৰু ইহুদীসকলৰ অন্তৰত আল্লাহৰ ভয়তকৈ অধিক তোমালোকৰ ভয় পোৱা যায়। আৰু সিহঁতে তোমালোকক অত্যাধিক ভয় কৰাৰ আৰু আল্লাহক ভয় নকৰাৰ কাৰণটো হৈছে এই যে, সিহঁত হৈছে জ্ঞানবোধ নথকা সম্প্ৰদায়। কিয়নো যদি সিহঁতৰ বোধ শক্তি থাকিলেহেঁতেন তেন্তে ভালদৰে জানিলেহেঁতেন যে, আল্লাহক ভয় কৰাটো অধিক বাঞ্চনীয়। কিয়নো তেৱেঁই তোমালোকক সিহঁতৰ ওপৰত প্ৰভুত্ব প্ৰদান কৰিছে।