Assamese Abridged Explanation of the Quran
59:16 - 59:16

মুনাফিকসকলৰ পৰা ইয়াহুদীসকলে কথা শুনাৰ ক্ষেত্ৰত মুনাফিকসকলৰ ভূমিকা হৈছে চয়তানৰ দৰে, যেতিয়া চয়তানে মানুহৰ বাবে কুফুৰী কাৰ্য সৌন্দৰ্যময় কৰি উপস্থাপন কৰাৰ পিছত কয়, কুফুৰী কৰা। সুসজ্জিত দেখি যেতিয়া সিহঁতে কুফৰী কৰে, তেতিয়া চয়তানে কয়, তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তুমি কুফুৰী কৰিছা। নিশ্চয় মই সৃষ্টিৰ প্ৰতিপালকক ভয় কৰো।