Assamese Abridged Explanation of the Quran
59:23 - 59:23

তেৱেঁই আল্লাহ যাৰ বাহিৰে কোনো সত্য উপাস্য নাই। তেৱেঁই প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে জানে। তেওঁৰ পৰা কোনো কথাই গোপন নহয়। তেওঁ ইহকাল আৰু পৰকালত দয়াবান আৰু কৃপাশীল। তেওঁৰ দয়া সকলো জগতক আৱৰি আছে। তেওঁ বাদশ্বাহ। সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। স্পষ্ট প্ৰমাণৰ জৰিয়তে তেওঁ নিজৰ ৰাছুলক সমৰ্থন কৰে। বান্দাসকলৰ কৰ্মবোৰ তেৱেঁই পৰ্যবেক্ষণ কৰে। তেওঁ প্ৰভুত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ অতি ক্ষমতাৱান।প্ৰত্যেক বস্তুকে তেওঁ নিজৰ ক্ষমতাৰ আওতাদ ৰাখিছে। তেওঁ মৰ্যাদাবান, তেওঁ সেই সকলো অংশীদাৰৰ পৰা পৱিত্ৰ যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ বনাই থাকে।