Assamese Abridged Explanation of the Quran
60:1 - 60:1

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! মোৰ শত্ৰু আৰু তোমালোকৰ নিজৰ শত্ৰুসকলৰ সৈতে বন্ধুত্ব কৰি প্ৰেম তথা ঘনিষ্টতাৰ সৃষ্টি নকৰিবা। যিহেতু সিহঁতে সেই চৰীয়তক অস্বীকাৰ কৰিছে, যিটো তোমালোকৰ ওচৰত নবীৰ জৰিয়তে তোমালোকলৈ আহিছে। সিহঁতে ৰাছুলক তেখেতৰ ঘৰৰ পৰা আৰু তোমালোকক মক্কাত অৱস্থিত তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছে। তোমালোকৰ প্ৰতি দয়াৰ দৃষ্টিৰে তথা আত্মীয়তাৰ খাতিৰতো কোনো সহানুভূতি নেদেখুৱায়। ইয়াৰ মূল কাৰণটো হৈছে, তোমালোকে নিজ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। এতেকে যদি তোমালোকে জিহাদৰ বাবে আৰু মোৰ সন্তুষ্টি প্ৰাপ্তৰ বাবে মোৰ পথত ওলাইছা তেন্তে সিহঁতৰ সৈতে বন্ধুত্ব নকৰিবা। সিহঁতৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াই মুছলমানৰ গোপন খবৰবোৰ সিহঁতক প্ৰদান কৰা নেকি, অথচ মই তোমালোকৰ সকলো কথাই জানো, যিবোৰ তোমালোকে গোপনে কৰা তথা যিবোৰ প্ৰকাশ্যভাৱে কৰা। মোৰ ওচৰত এনেকুৱা তথ্য তথা ইয়াৰ বাহিৰে আন কোনো কথাই গোপন নহয়। এতেকে যিয়ে কাফিৰসকলৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব তেন্তে জানি থোৱা! সি সঠিক পথৰ পৰা আঁতৰি গৈছে, আৰু সত্যৰ পৰা দূৰৈত গৈছে, সত্যতাৰ পৰা বিচ্ছিন্ন হৈ গৈছে।