Assamese Abridged Explanation of the Quran
60:4 - 60:4

হে মুমিনসকল! তোমালোকৰ বাবে ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেখেতৰ লগত থকা মুমিনসকলৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেখেতে তেখেতৰ কাফিৰ সম্প্ৰদায়ক কৈছিলঃ আমি তোমালোক আৰু তোমালোকৰ সেই মূৰ্তিবোৰৰ পৰা বিচ্ছেদ ঘোষণা কৰো যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে পূজা-পাঠ কৰা। তোমালোক যি ধৰ্ম পালন কৰি আছা আমি সেই ধৰ্ম নস্যাৎ কৰিছো। আমাৰ আৰু তোমালোকৰ মাজত বিদ্বেষ আৰু হিংসা প্ৰকট হৈছে, (আৰু বিদ্বেষ তেতিয়ালৈকে থাকিব) যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি বিশ্বাস পোষণ নকৰিবা আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰা এৰি নিদিবা। গতিকে তোমালোকেও তেওঁলোকৰ দৰে নিজৰ কাফিৰ জাতিৰ পৰা বিচ্ছেদ ঘোষণা কৰা উচিত। কিন্তু ইব্ৰাহিম আলাইহিছ ছালামে তেখেতৰ পিতৃক উদ্দেশ্যি কৰা এই মন্তব্যটো সুকীয়া, “মই আল্লাহৰ ওচৰত আপোনাৰ বাবে নিশ্চয় ক্ষমা বিচাৰিম”। সেয়ে তোমালোকে তেখেতৰ এই কথাক আদৰ্শ হিচাপে নলবা। কিয়নো এই কথা তেখেতে তেখেতৰ পিতৃৰ প্ৰতি নিৰাশ হোৱাৰ আগতেই কৈছিল। জানি থোৱা উচিত যে, কোনো মুশ্বৰিকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা কোনো মুমিনৰ বাবে উচিত নহয়। আৰু আপুনিও আল্লাহৰ কোনো শাস্তিক আপোনাৰ পৰা অকণো দূৰ কৰিব নোৱাৰে। হে আমাৰ প্ৰতিপালক! আমি সকলো ক্ষেত্ৰতে তোমাৰ ওপৰত ভৰসা কৰো। আৰু আমি তোমাৰ ফালেই তাওবা কৰি ওভোতিছো। আৰু তোমাৰ ফালেই ক্বিয়ামতৰ দিনা সকলোৰে প্ৰত্যাৱৰ্তন।