Assamese Abridged Explanation of the Quran
61:6 - 61:6

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ঈছা ইবনে মাৰইয়াম আলাইহিছ ছালামে কৈছিল, হে বনী ইছৰাঈল! নিশ্চয় মই আল্লাহৰ ৰাছুল, মোৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক সমৰ্থন কৰিবলৈ মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এতেকে মই কোনো নতুন ৰাছুল নহয়, লগতে এজন ৰাছুলৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰিছে, যিজন মোৰ পিছত আহিব, তেওঁৰ নাম হ'ব আহমদ। যেতিয়া ঈছা আলাইহিছ ছালামে সিহঁতৰ ওচৰত নিজৰ সমৰ্থনত দলিল প্ৰমাণ দাঙি ধৰিলে, তেতিয়া সিহঁতে ক'লেঃ এয়া দেখোন স্পষ্ট যাদু। গতিকে ইয়াক আমি কেতিয়াও মানি নলওঁ।