Assamese Abridged Explanation of the Quran
61:14 - 61:14

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! ৰাছুলে তোমালোকৰ ওচৰলৈ লৈ অহা দ্বীন ইছলামক সহায় কৰি আল্লাহৰ সহায়ক হৈ যোৱা। ঠিক সেইদৰে যিদৰে হাৱাৰীসকলে সহায় কৰিছিল, যেতিয়া ঈছা আলাইহিছ ছালামে তেওঁলোকক কৈছিলঃ আল্লাহৰ দ্বীন প্ৰচাৰৰ ক্ষেত্ৰত মোক কোনে কোনে সহায় কৰিবা? তেতিয়া তেওঁলোকে ক্ষীপ্ৰতাৰে উত্তৰ দিছিল যে, আমি হম আল্লাহৰ সহায়ক। ফলত বনী ইছৰাঈলৰ এটা দলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান আনিলে আৰু আনটো দলে তেখেতক মানিবলৈ অস্বীকাৰ কৰিলে। এতেকে আমি সেইসকল লোকক কাফিৰসকলৰ বিৰুদ্ধে সমৰ্থন কৰিলো, যিসকলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান পোষণ কৰিছিল। অৱশেষত তেওঁলোক সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হ'ল।