Assamese Abridged Explanation of the Quran
62:1 - 62:1

আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিয়ে আল্লাহক সেই সকলো ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয়। তেৱেঁই একক সম্ৰাট, ৰাজত্ব কেৱল তেওঁৰ। তেওঁ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি, চৰীয়ত প্ৰণয়ন আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।