Assamese Abridged Explanation of the Quran
62:9 - 62:9

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! জুমুআৰ দিনা ইমাম মিম্বৰত উঠাৰ পিছত মুআজ্জিনে যেতিয়া ছালাতৰ বাবে আজান দিয়ে তেতিয়া তোমালোকে খুৎবা শুনিবলৈ আৰু ছালাত আদায় কৰিবলৈ মছজিদৰ পিনে অগ্ৰসৰ হোৱা আৰু ক্ৰয়-বিক্ৰয় বন্ধ কৰা, যাতে ই তোমালোকক ইবাদতৰ পৰা অমনোযোগী নকৰে। হে মুমিনসকল! জুমুআৰ আজানৰ পিছত ছালাতৰ বাবে যোৱা আৰু ক্ৰয়-বিক্ৰয় বন্ধ কৰাটো তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে আল্লাহে তোমালোকক যি আদেশ কৰিছে সেয়া পালন কৰা।