Assamese Abridged Explanation of the Quran
62:11 - 62:11

হে ৰাছুল! যেতিয়া কিছুমান মুছলমানে ব্যৱসায় বা খেলা-ধূলা দেখিবলৈ পায়, তেতিয়া তেওঁলোকে আপোনাক মিম্বৰৰ ওপৰত থিয় অৱস্থাতে এৰি থৈ সেই ফালে ওলাই যায়। হে ৰাছুল! আপুনি কৈ দিয়কঃ আল্লাহৰ ওচৰত ভাল কৰ্মৰ যি প্ৰতিদান আছে, সেয়া ব্যৱসায় আৰু খেলা-ধূলাতকৈ উত্তম, যিবোৰৰ ফালে তোমালোকে দৌৰি যোৱা। নিশ্চয় আল্লাহ সৰ্বোত্তম জীৱিকা দাতা।