Assamese Abridged Explanation of the Quran
63:5 - 63:5

আৰু যেতিয়া এই মুনাফিকসকলক কোৱা হয় যে, তোমালোকৰ পৰা যি ভুল হৈছে তাৰ ক্ষমাৰ বাবে ৰাছুলৰ ওচৰত আহা, তেখেতে তোমালোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁতে বিদ্ৰূপ আৰু উপলুঙা কৰি নিজৰ মুখখন ঘূৰাই লয়। আৰু আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁতে সত্যক অগ্ৰাহ্য কৰি দম্ভালি মাৰি মুখ ঘূৰাই লয়, যিটোৰ আদেশ সিহঁতক দিয়া হৈছে।