Assamese Abridged Explanation of the Quran
63:10 - 63:10

তোমালোকৰ মৃত্যুৰ পূৰ্বেই আল্লাহৰ পথত সেই সম্পদৰ পৰা ব্যয় কৰা যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে, অন্যথা মৃত্যুৰ পিছত নিজ প্ৰতিপালকক অভিযোগ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! মোক অলপ সময় অৱকাশ কিয় নিদিলা, মই তোমাৰ পথত মোৰ ধন ব্যয় কৰিলোহেঁতেন আৰু তোমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত হলোহেঁতেন, যিসকলে সৎকৰ্ম কৰে।