Assamese Abridged Explanation of the Quran
64:6 - 64:6

এই শাস্তি সিহঁতক এই কাৰণে বিহা হৈছিল যে, সিহঁতৰ ওচৰত ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু স্পষ্ট যুক্তি সহকাৰে আহিছিল। কিন্তু সিহঁতে মানৱ জাতিৰ পৰা ৰাছুল হোৱা বিষয়টোক আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মানুহে আমাক সত্যৰ পথ দেখুৱাব নেকি? এইদৰে সিহঁতে অস্বীকাৰ কৰিলে আৰু ঈমানৰ পৰা মুখ ঘূৰাই ললে। কিন্তু সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব পৰা নাই। কিয়নো আল্লাহ সিহঁতৰ ইবাদতৰ পৰা অমুখাপেক্ষী। তদোপৰি সিহঁতৰ আনুগত্যৰ ফলত আল্লাহৰ কোনো মৰ্যাদা বৃদ্ধি নহয়। আল্লাহ অমুখাপেক্ষী, বান্দাৰ প্ৰতি মুখাপেক্ষী নহয়। তেওঁ নিজৰ কথা আৰু কৰ্মত সপ্ৰশংসিত।