Assamese Abridged Explanation of the Quran
64:12 - 64:12

তথা আল্লাহৰ অনুসৰণ কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। ইয়াৰ পিছত যদি তোমালোকে তেওঁৰ ৰাছুলে লৈ অহা চৰীয়তৰ পৰা মুখ ঘূৰাই লোৱা তেন্তে এই বিমুখ হোৱাৰ পাপ তোমালোকৰ ওপৰতেই বৰ্তিব। আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সেই সংবাদ পৌঁচাই দিয়া, যিটো পৌঁচাবলৈ আমি তেখেতক আদেশ কৰিছো। আৰু তেওঁ তোমালোকক সেইটো পৌঁচাই দিছে যিটো পৌঁচাই দিবলৈ তেওঁক আদেশ দিয়া হৈছিল।