Assamese Abridged Explanation of the Quran
66:12 - 66:12

আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী সকলৰ বাবে আল্লাহে মাৰয়াম বিন্তে ইমৰাণৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে নিজৰ লজ্জাস্থান ব্যভিচাৰৰ পৰা সুৰক্ষিত ৰাখিছিল। তেতিয়া আল্লাহে জিব্ৰীলক তেওঁৰ ভিতৰত ফুঁ মাৰিবলৈ আদেশ দিলে। ফলত তেওঁ আল্লাহৰ আদেশত ঈছা আলাইহিছ ছালামক পিতৃ অবিহনেই গৰ্ভত ধাৰণ কৰিলে। তথা তেওঁ আল্লাহৰ চৰীয়তক আৰু ৰাছুলৰ ওপৰত অৱতীৰ্ণ কিতাপসমূহক সত্য বুলি মানি লৈছিল। আৰু তেওঁ আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ আনুগত্যকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।