Assamese Abridged Explanation of the Quran
67:15 - 67:15

তেৱেঁই যিজনে পৃথিৱী সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে ইয়াক থকাৰ উপযোগী বনাইছে। সেয়েহে তোমালোকে তাৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰা আৰু তোমালোকৰ বাবে পৃথিৱীত ৰাখি থোৱা জীৱিকাবোৰৰ পৰা আহাৰ কৰা। আৰু কেৱল তেওঁৰ ফালেই হিচাপ- নিকাচৰ বাবে প্ৰত্যাগমন কৰিব লাগিব।