Assamese Abridged Explanation of the Quran
67:28 - 67:28

হে ৰাছুল, আপুনি এই মুশ্বৰিকবিলাকৰ ভ্ৰান্ত ধাৰণা খণ্ডন কৰি কৈ দিয়কঃ তোমালোকে মোক কোৱাচোন, যদি আল্লাহে মোক মৃত্যু প্ৰদান কৰে আৰু মোৰ মুমিন সঙ্গীসকলকো মৃত্যু প্ৰদান কৰা হয় অথবা আমাৰ প্ৰতি যদি ক্ষমাৰ দৃষ্টিৰে চোৱা হয় আৰু আমাৰ মৃত্যুক যদি পিছুৱাই দিয়ে তেন্তে কাফিৰ বিলাকক কষ্ঠদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব? নিঃসন্দেহে সিহঁতক কোনেও বচাব নোৱাৰে।